June 25, 2026 2:14 PM

views 18

কীৰ ষ্টাৰমাৰে লণ্ডনৰ হলবৰ্ন আৰু ছেইণ্ট পেংক্ৰাছৰ পৰা লেবাৰ পাৰ্টিৰ সাংসদ হিচাপে সংসদত কাৰ্যকাল অব্যাহত ৰাখিব

কীৰ ষ্টাৰমাৰে লণ্ডনৰ হলবৰ্ন আৰু ছেইণ্ট পেংক্ৰাছৰ পৰা লেবাৰ পাৰ্টিৰ সাংসদ হিচাপে সংসদত তেওঁৰ কাৰ্যকাল অব্যাহত ৰাখিব। লেবাৰ পাৰ্টিৰ নেতা হিচাপে পদত্যাগ কৰাৰ পাছত ষ্টাৰমাৰ সম্প্ৰতি ব্ৰিটেইনৰ দায়িত্ববাহী প্রধানমন্ত্ৰী হিচাপে আছে। যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী হিচাপে পদত্যাগ ঘোষণা কৰাৰ পাছত ষ্টাৰমাৰে পৰৱৰ্তী সম্ভাৱ্য প্রধানমন্ত্রী এনডি বার্নহামৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ বিষয়েও দলৰ মুখপাত্রই কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।