August 31, 2025 10:03 PM

views 45

ম্যানমাৰৰ সুৰক্ষা আৰু শান্তি আয়োগৰ অধ্যক্ষ জ্যেষ্ঠ জেনেৰেল মীন আং হ্লাইঙক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাগ লোৱাৰ সুযোগতে ম্যানমাৰৰ সুৰক্ষা আৰু শান্তি আয়োগৰ অধ্যক্ষ জ্যেষ্ঠ জেনেৰেল মীন আং হ্লাইঙক সাক্ষাৎ কৰে। বৈঠকত শ্রীমোদীয়ে কয়, যে ভাৰতে চুবুৰীয়া নীতি প্রথম, এক্ট ইষ্ট আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় নীতিৰ অধীনত ম্যানমাৰৰ সৈতে গুৰুত্বপূৰ্ণ সম্বন্ধ ৰক্ষা কৰি আহিছে৷ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্বন্ধৰ পুনৰীক্ষণ কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ বিশেষকৈ, উন্নয়ন সহযোগিতা, প্ৰতিৰক্ষা আৰু সুৰক্ষা, সীমান...