September 13, 2025 8:49 PM

views 48

ম্যানমাৰত বিমানেৰে কৰা আক্ৰমণত ১৯জন শিক্ষার্থী নিহত, ২০জন গুৰুতৰভাৱে আহত

ম্যানমাৰৰ পশ্চিম ৰাখিনে ৰাজ্যৰ ক্যাওকট' চহৰৰ দুখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত যোৱা নিশা সংঘটিত হোৱা বিমান আক্ৰমণত ১৯ জন শিক্ষার্থী নিহত হোৱাৰ লগতে ২০জন গুৰুতৰভাৱে আঘাটপ্রাপ্ত হৈছে। আৰাকান সেনা আৰু দেশখনৰ সাহায্য সংস্থাৰ মতে, নিশা ছাত্র-ছাত্রীসকল শুই থকাৰ সময়তে এই আক্রমণ সংঘটিত হৈছিল। ১৫ৰ পৰা ২১ বছৰ বয়সৰ শিক্ষাৰ্থীয়ে অধ্যয়ণ কৰা দেশখনৰ পিনাৰ পান খিন হাইস্কুল আৰু এ মাইন থিট হাইস্কুলক লক্ষ্য কৰি কৰা এই বিমান আক্ৰমণ কৰা হৈছিল। স্থানীয় সংবাদ প্রতিষ্ঠান 'ম্যানমাৰ নাও "য়ে প্ৰকাশ কৰা অনুসৰি এখন জান্ট...