May 9, 2024 12:36 PM

views 46

তিনিদিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্য্যসূচীৰে মালদ্বীপৰ বিদেশ মন্ত্ৰী মুছা জামিৰ কালি নতুন দিল্লীত উপস্থিত

মালদ্বীপৰ বিদেশ মন্ত্ৰী মুছা জামিৰ তিনিদিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্য্যসূচীৰে কালি সন্ধিয়া নতুন দিল্লীত উপস্থিত হয়। তেওঁ আজি বিয়লি ভাৰতৰ বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰক সাক্ষাৎ কৰি পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক আৰু আঞ্চলিক বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ কথা আছে। বিদেশ মন্ত্রালয়ে কৈছে যে ভাৰত মহাসাগৰীয় অঞ্চলত মালদ্বীপ হ'ল ভাৰতৰ মূল সামুদ্রিক চুবুৰীয়া দেশ আৰু বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্রমণে উভয় দেশৰ দ্বিপাক্ষিক সহযোগিতাক অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।