October 8, 2025 12:23 PM

views 32

চাওতাল সমাজক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক স্মাৰক-পত্ৰ প্ৰদান অসম চাওতাল উন্নয়ন সংস্থাৰ

চাওতাল সমাজক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ কালি অসম চাওতাল উন্নয়ন সংস্থাই নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। সাক্ষাৎকালত সংস্থাই অসম চৰকাৰে প্ৰাথমিক বিদ্যালয়ত অলচিকি ভাষাত প্ৰৱৰ্তন কৰিব লোৱা দুখন পুথিও প্ৰদান কৰে। সংস্থাৰ হৈ অসমৰ কেন্দ্ৰীয় সভাপতি দেৱজিৎ মাঝি আৰু যোৰহাট জিলাৰ সভাপতি বাপুৰাম বেশ্ৱৰাই ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। সাক্ষাৎকালত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও উপস্থিত থাকে।