December 19, 2024 12:18 PM

views 72

মুম্বাইত সংঘটিত এটা নাও দূৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু

মুম্বাইত কালি সংঘটিত এটা নাও দূৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু হয়। এলিফেণ্টা কেইভছলৈ যাত্ৰা কৰা এখন ব্যক্তিগত নাও ৰাইগড় জিলাৰ উৰানৰ সমীপত দূৰ্ঘটনাত পতিত হয়। নিয়ন্ত্রণ হেৰুওৱা এখন নৌসেনাৰ নাৱে যাত্রীবাহী নাওখনত খুন্দা মাৰে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে প্ৰকাশ কৰা অনুসৰি মৃতসকলৰ ৩ জন নৌসেনাৰ জোৱান আৰু ১০ জন সাধাৰণ নাগৰিক। দূৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনকো চিকিৎসা প্ৰদান কৰি থকা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নাগপুৰত সাংবাদিকৰ আগত জনাই যে, উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে অব্যাহত আছে আৰু ১০১ জ...

December 7, 2024 8:45 PM

views 63

মুম্বাই আৰু আহমেদাবাদৰ ৭টা স্থানত অভিযান চলাই আজি নগদ ১৩ কোটি ৫০ লাখ টকা জব্দ বিধি বলবৎকাৰী সঞ্চালকালয়ৰ

বিধি বলবৎকাৰী সঞ্চালকালয়ে, মুম্বাই আৰু আহমেদাবাদৰ ৭টা স্থানত অভিযান চলাই আজি নগদ ১৩ কোটি ৫০ লাখ টকা জব্দ কৰে। বেংক অৱ মহাৰাষ্ট্ৰ আৰু নাছিক মার্চেণ্ট সমবায় বেংকৰ একাউণ্টৰ পৰা ডেবিট লেনদেনৰ তদন্তত বিভিন্ন কোম্পানীলৈ শ শ কোটি টকাৰ হস্তান্তৰৰ তথ্য পোহৰলৈ আহিছে। একেদৰে ভূৱা একাউণ্টৰ পৰা যথেষ্ট ধন উলিয়াই মুম্বাই, আহমেদাবাদ আৰু চুৰাটৰ হাৱালা কাৰ্য্যকৰ্তালৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত এই গোচৰৰ সৈতে জড়িত নাছিক মার্চেণ্ট সমবায় বেংকৰ মালেগাওঁ শাখাত অভিযান চলোৱা হৈছিল।

July 13, 2024 9:29 AM

views 55

মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ’ প্রদর্শনী কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ' প্রদর্শনী কেন্দ্ৰত ২৯ হাজাৰ ৪০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, ৰে'লৱে আৰু বন্দৰ খণ্ডৰ কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগত শ্ৰীমোদীয়ে ভাৰতীয় বাতৰি সেৱা সচিবালয়ত আই এন এছ টাৱাৰ মুকলি কৰিব। ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ১৬ হাজাৰ ৬০০ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া থানে-বোড়িৱলি সুৰংগ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দ্বৈত টিউব সুৰংগৰ ফলত থানে আৰু বোড়িৱলিৰ মাজৰ যাত্রা পথ ১...

June 15, 2024 1:32 PM

views 69

আজিৰে পৰা ২১ জুনলৈকে ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

মুম্বাইত আজিৰে পৰা ২১ জুনলৈ ৭ দিনীয়াকৈ ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ'ব। National Geographic's ৰ তথ্যচিত্ৰ ‘Billy and Molly: An Otter Love Story'ৰ প্ৰদৰ্শনৰে এই মহোৎসৱৰ আৰম্ভণি হ'ব। উদ্বোধনী বোলছবিখন আজি দিল্লী, ক'লকাতা, চেন্নাই আৰু পুনেত সমান্তৰালভাৱে প্ৰদৰ্শন কৰা হ'ব। ৰেড কার্পেট অনুষ্ঠানৰ সময়ত দিল্লীত ১৭ জুনত, চেন্নাইত ১৮ জুনত, কলকাতাত ১৯ জুনত আৰু পুনেত ২০ জুনতো এই বোলছবি প্ৰদৰ্শিত হ'ব। ৭৮ মিনিট জোৰা Billy and Molly: An Otter Love Story শীর্ষক বোলছবিখনৰ নিৰ্দেশনা...

April 29, 2024 1:05 PM

views 66

মুম্বাইত কৃত্রিম বুদ্ধিমত্তাৰ মধ্যকালিন বাৰ্ষিক সন্মিলন উদ্বোধন

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছে কালি মুম্বাইৰ বোম্বে হাস্পতালত স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাৰ কৃত্রিম বুদ্ধিমত্তাৰ মধ্যকালিন বাৰ্ষিক সন্মিলন উদ্বোধন কৰে। নেচনেল একাডেমী অফ মেডিকেল ছায়েন্স আৰু বোম্বে হস্পিতেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হয়। কৃত্রিম বুদ্ধিমত্তাক স্বাস্থ্যসেৱাৰ দৃষ্টিভংগী সলনি কৰিবলৈ লোৱা বৈপ্লৱিক প্ৰযুক্তি বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে, কৃত্রিম বুদ্ধিমত্তাই ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ খৰচ হ্ৰাস কৰাত সহায় কৰিব। প্ৰযুক্তিৰ শক্তিক সহায় হি...

April 4, 2024 9:14 PM

views 72

মুম্বাইৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানত দেশৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত চি এ আৰ-টি চিকিৎসা ব্যৱস্থা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা ৰাষ্ট্ৰপতি মুৰ্মুৰ

♦ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আজি মুম্বাইৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানত দেশৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত চি এ আৰ-টি চিকিৎসা ব্যৱস্থা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, অতিকে সুলভ আৰু বহনসাধ্য চি এ আৰ-টি কোষ চিকিৎসাই সমগ্ৰ মানৱ জাতিৰ বাবে আশাৰ নতুন ৰেঙণি কঢ়িয়াই আনিছে। ভাৰতৰ প্ৰথম জিন চিকিৎসা ব্যৱস্থাই অগণন ৰোগীক নতুন জীৱন প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। শ্ৰীমতী মুর্মুৱে কয় যে, এই চিকিৎসা ব্যৱস্থা ৰূপায়ণৰ ফলত আটাইতকৈ ...