January 6, 2025 12:39 PM

views 41

মুম্বাইত দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ, এডভাণ্টেজ আছামলৈ আমন্ত্ৰণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা আৰু অন্যান্য দিশসমূহ আলোচনা কৰে। ড০ শৰ্মাই এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক আমন্ত্রণ জনায়। মুখ্যমন্ত্রীয়ে টাটা গোট, লাৰ্ছেন এণ্ড টুব্ৰো, মহিন্দ্ৰা গোট আৰু আদানীৰ দৰে বিশিষ্ট উদ্যোগপতি আৰু উদ্যোগজগতৰ কেইবাগৰাকীও নেতাৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ উপৰি ছান ফার্মা, লক্ষ্মী টি, H U L, ৱেলস্পুন গ্ৰুপ আৰু আন আন প্ৰতিষ্ঠান...