December 19, 2024 8:53 PM

views 83

মুম্বাইৰ গেটৱে অব ইণ্ডিয়াৰ সমীপৰ কাৰাঞ্জাত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত

মুম্বাইৰ গেটৱে অব ইণ্ডিয়াৰ সমীপৰ কাৰাঞ্জাত কালি সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে কালিৰ এই দুৰ্ঘটনাত তিনিগৰাকী নিৰাপত্তাৰক্ষীকে ধৰি মুঠ ১৩ গৰাকী লোকে প্ৰাণ হেৰুৱায়। এই পৰ্যন্ত দুগৰাকী লোক সন্ধানহীন হৈ আছে বুলি এটা সূত্ৰত প্ৰকাশ পাইছে। এই ঘটনাত প্রধানমন্ত্রী মোদীয়ে দুখ প্ৰকাশ কৰিছে। তেওঁ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকতাত্মীয়লৈ দুই লাখ টকা আৰু আহত প্ৰতিগৰাকীলৈ ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ইফালে মহাৰ...