October 17, 2024 10:57 AM
102
২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন
কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, বগা সৰিয়হ আৰু সৰিয়হৰ ন্যূনতম সমৰ্থন মূল্য প্রতি কুইণ্টলত সৰ্বাধিক ৩০০ টকা বৃদ্ধি কৰা হৈছে। ইয়াৰ বিপৰীতে মচুৰ দাইলৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি...