August 18, 2025 7:03 PM

views 57

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সমাগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সমাগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত দলৰ সংসদীয় পৰিষদৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে এন ডি এৰ সকলো লোকে এই সিদ্ধান্তৰ সমৰ্থন কৰিছে। শ্রীনাড্ডাই লগতে কয়, যে উপ-ৰাষ্ট্ৰপতি নির্বাচন সুনিশ্চিত কৰাৰ বাবে বিজেপিয়ে সকলো দলৰ সৈতে সমন্বয় ৰক্ষাৰ প্ৰয়াস কৰিছে। বিগত সপ্তাহত এন ডি এৰ সহযোগী দল আৰ...