November 27, 2025 8:01 PM

views 29

মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ বিজয়ী প্রথমগৰাকী অসমীয়া হৰকান্ত বৰগোঁহাইৰ দেহাৱসান

মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ বিজয়ী প্রথমগৰাকী অসমীয়া তথা মিষ্টাৰ এছিয়াত তৃতীয় স্থান অধিকাৰ হৰকান্ত বৰগোঁহাইৰ আজি পুৱা গুৱাহাটীৰ পাঞ্জাবাৰীৰ বাসগৃত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। ১৯৪৮ চনত শিৱসাগৰত জন্মগ্ৰহণ কৰা বৰগোঁহায়ে বায়ুসেনাত চাকৰি কৰিছিল আৰু অৱসৰৰ পাছত গুৱাহাটীৰ ভাৰতীয় খেল প্ৰাধিকৰণ কেন্দ্ৰত সহকাৰী সঞ্চালক হিচাপে কার্যনির্বাহ কৰিছিল। অসম শৰীৰ চৰ্চা সংস্থাই বৰগোঁহাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।