August 2, 2026 10:48 AM
3
কেন্দ্ৰীয় চৰকাৰৰ নিয়মীয়া মাহেকীয়া হস্তান্তৰৰ বাবে ৰাজ্য চৰকাৰসমূহলৈ অতিৰিক্ত কিস্তি মুকলি
কেন্দ্ৰীয় চৰকাৰে অহা ১০ আগষ্টত হ'বলগীয়া নিয়মীয়া মাহেকীয়া হস্তান্তৰৰ বাবে ৰাজ্য চৰকাৰসমূহক অতিৰিক্ত কিস্তি হিচাপে ১,০৯,০১৯ কোটি টকা মুকলি কৰি দিছে৷ মন্ত্ৰালয়ে প্ৰকাশ কৰা ৰাজ্যভিত্তিক বিভাজনৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশে সর্বাধিক ১৯,২০৮ কোটি টকা, বিহাৰে ১০,৮৪৫ কোটি আৰু মধ্যপ্রদেশে ৮,০১০ কোটি টকা লাভ কৰিছে। একেদৰে পশ্চিম বংগই ৭,৮৬৬ কোটি আৰু মহাৰাষ্ট্ৰই ৭,০২২ কোটি টকা লাভ কৰিছে। ক্ষুদ্র ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহেও নিজৰ নিজৰ অংশ লাভ কৰিছে। তালিকাৰ সৰ্বনিম্ন আবণ্টনৰ ভিতৰত ছিকিমে ৩৬৫ কোট...