February 6, 2025 11:02 AM

views 35

আই এছ এলত পঞ্জাৱ এফ চিক ৩-০ গ’লত পৰাস্ত মোহন বাগান ছুপাৰ জায়েণ্টৰ

ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ফুটবল প্রতিযোগিতাত কালি নিশা কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টে, পঞ্জাৱ এফ চিক ৩-০ গ’লত পৰাস্ত কৰে। এই জয়ৰ সুবাদত দলটো সৰ্বমুঠ ৪৬ পইণ্টেৰে প্লে অফলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম দল হিচাপে পৰিগণিত হৈছে। মোহন বাগানাৰ জেমি মেকলাৰেনে খেলখনৰ দ্বিতীয়াৰ্ধত দুটা গ’ল আৰু লিষ্টন কোলাকোৱে এটা গ’ল দিয়ে। প্ৰতিযোগিতাত আজি গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াত এফ চি গোৱা আৰু ওড়িশা এফ চি মুখামুখি হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব...