December 19, 2025 12:05 PM

views 49

দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ অসমলৈ আহিব। প্রধানমন্ত্ৰীগৰাকীয়ে কাইলৈ গুৱাহাটীত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টার্মিনেল উদ্বোধন কৰিব। এই টার্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ আন্তঃগাঁথনিৰ উপৰি যোগাযোগ ব্যৱস্থা, উদ্যোগ- বাণিজ্য আৰু পৰ্যটনকে ধৰি সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। শ্ৰী মোদীয়ে ৰাজ্যিক বিজেপি...