January 22, 2026 7:44 PM

views 32

চিলাপথাৰৰ কাৰেং চাপৰিত অহা ২৬ৰ পৰা ৩০ জানুৱাৰীলৈ দশম মিছিং যুৱ মহোৎসৱ

ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰেং চাপৰিত অহা ২৬ৰ পৰা ৩০ জানুৱাৰীলৈ দশম মিছিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱৰ বাবে ৬০০ বিঘা ভূমি সামৰি প্রস্তুতি প্রায় অন্তিম পর্য্যায়ত উপনীত হৈছে। মহোৎসৱৰ অন্তিম দিনাৰ কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। এই মহোৎসৱত প্রায় ১০ হাজাৰ প্ৰতিনিধিয়ে অংশ ল'ব বুলি উদ্যোক্তাসকলে প্রকাশ কৰিছে। মহোৎসৱৰ সৈতে সংগতি ৰাখি প্রদর্শনী, থলুৱা খাদ্য মেলা আদি অনুষ্ঠিত হ'ব বুলি এগৰাকী উদ্যোক্তাই জান...