August 19, 2026 7:13 PM

views 23

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। নির্বাচনক কেন্দ্ৰ কৰি আজি লখিমপুৰ জিলা পঞ্জীয়ক তথা জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰা হয়। সংবাদ মেলত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে জিলাখনৰ অন্তৰ্গত আঠটা পৰিষদীয় সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ আৰু শৃংখলিতভাৱে পৰিচালনা কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।