July 12, 2026 12:13 PM

views 7

তিনিচুকীয়া জিলাৰ তন্ময় সোণোৱালে অসমীয়া উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসখন স্পেনিছ ভাষালৈ অনুবাদ কৰিছে

তিনিচুকীয়া জিলাৰ ৰূপাইৰ তন্ময় সোণোৱালে অসমীয়া সাহিত্যৰ কালজয়ী সৃষ্টি, উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসখন স্পেনিছ ভাষালৈ অনুবাদ কৰিছে। তন্ময় সোণোৱালৰ এই সাফল্য অসমীয়া ভাষা-সাহিত্যৰ বাবে গৌৰৱময় অধ্যয় বুলি চৰ্চা হৈছে। তেওঁৰ এই অনুবাদৰ জৰিয়তে অসমৰ সাহিত্য-সংস্কৃতি, সমাজ-জীৱন আৰু ঐতিহ্য বিশ্বৰ স্পেনিছভাষী পঢ়ুৱৈৰ কাষ চাপিব বুলি সাহিত্য মহলে আশা প্ৰকাশ কৰিছে। নেছন প্রেছ প্রকাশন গোষ্ঠীয়ে প্রকাশ কৰা স্পেনিছ ভাষাত অনুদিত মীৰি জীয়ৰী বৰ্তমান ভাৰতৰ উপৰি আমেৰিকা, ব্রিটেইন, ছিংগাপুৰ আৰু মালয়...