November 28, 2024 6:35 PM

views 55

চিৰাং জিলা ভ্ৰমণ কৰি ভূটান সীমাৱৰ্তী অঞ্চলত মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱজনিত স্বাস্থ্য-পৰিস্থিতি বুজ মন্ত্ৰী কেশৱ মহন্তৰ

জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই আজি চিৰাং জিলা ভ্ৰমণ কৰি জিলাখনৰ ভূটান সীমাৱৰ্তী অঞ্চলত শেহতীয়াকৈ দেখা দিয়া মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱজনিত স্বাস্থ্য-পৰিস্থিতিৰ বুজ লয়। গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ.লক্ষ্মনন আৰু কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীক লগত লৈ মন্ত্ৰীগৰাকীয়ে প্ৰথমে জিলা সদৰ কাজলগাঁওস্থিত জে এছ বি জিলা অসামৰিক চিকিৎসালয়ত চিৰাঙৰ জিলা আয়ুক্তসহ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ মন্ত্ৰীগৰাকীয়ে ...