September 6, 2026 8:42 PM
5
হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ বৰপেটাৰ গণককুছিৰ হস্ততাঁত প্রশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন
ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম মন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে আজি বৰপেটাৰ গণককুছিৰ হস্ততাঁত প্রশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰি অভাৱ-অভিযোগৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ আধুনিকীকৰণৰ বাবে প্রয়োজনীয় পুঁজি আবণ্টনৰ আশ্বাস দিয়ে। তেওঁ প্রশিক্ষার্থীসকলক স্বনিয়োজনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। এই ক্ষেত্রত হস্ততাঁত বস্ত্রশিল্প বিভাগে বিভাগীয় আঁচনিসমূহৰ জৰিয়তে সহায়-সহযোগিতা আগবঢ়াব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। ক্রীড়া বিভাগৰ দায়িত্বত থক...