January 19, 2026 12:23 PM

views 57

বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ মৃত্যুত মুখ্যমন্ত্রী গভীৰ শোক প্ৰকাশ

সংগীত নাটক একাডেমী বঁটাপ্রাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ আজি নৱগ্রহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব। যশস্বী শিল্পী খাউণ্ডৰ মৃত্যুত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয়, যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বেহেলা বাদনেৰে অসমক প্রতিনিধিত্ব কৰি শিল্পীগৰাকীয়ে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছিল। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী শিল্পীগৰাকীৰ মৃত্যুৰ সময়...