January 16, 2026 12:48 PM

views 59

মিচেল ষ্টার্কক আই চি চিৰ ২০২৫ চনৰ ডিচেম্বৰৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে নির্বাচিত

অষ্ট্ৰেলিয়াৰ মিচেল ষ্টার্কক আই চি চিৰ ২০২৫ চনৰ ডিচেম্বৰৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে নির্বাচিত কৰা হৈছে। শেহতীয়াকৈ গৃহভূমিত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত এছেজ শৃংখলাত অষ্ট্ৰেলিয়াৰ বলিং আক্রমণক দিয়া সফল নেতৃত্বৰ বাবে ষ্টার্কলৈ এই সন্মান যচা হয়। ২০২৩ চনৰ ডিচেম্বৰত পেট কামিনছৰ পাছত দুবছৰৰ মূৰত অষ্ট্ৰেলিয়াৰ কোনো খেলুৱৈয়ে এই বঁটা লাভ কৰিলে। ইপিনে, দক্ষিণ আফ্রিকাৰ ল'ড়া ৱলভাৰ্টক ডিচেম্বৰৰ আই চি চিৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰূপে নির্বাচিত কৰা হৈছে।