December 29, 2025 6:07 PM

views 40

জি ৰামজি আইনে ৰাজ্যসমূহক ১৭ হাজাৰ কোটি টকা আবণ্টন দিছে

বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আৰু নিয়োগ নিশ্চিত যোজনা অর্থাৎ জি ৰামজি আইনে ৰাজ্যসমূহক ১৭ হাজাৰ কোটি টকা আবণ্টন দিছে। এই আইন ২০ বছৰ পুৰণি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রামীণ নিয়োগ নিশ্চয়তা আইন- এমজিএনৰেগা, ২০০৫-ৰ সলনি কাৰ্যকৰী কৰা হৈছে। ভাৰতীয় ষ্টেট বেংক- এছ বি আইৰ এটা গৱেষণা প্ৰতিবেদন অনুসৰি এই আইন কার্যকৰী হোৱাৰ ফলত ৰাজ্যসমূহত পুঁজিৰ বিতৰণ অধিক উন্নত হ'ব। এই প্রতিবেদনত প্ৰকাশ পোৱা মতে এমজিএনৰেগাৰ সংশোধন আৰু নৱীকৰণৰ জৰিয়তে বিকশিত ভাৰত জি ৰামজিয়ে উন্নয়নৰ যাত্ৰাৰ ৰূপান্তৰমূলক ব্যৱস্থা আৰু কৌশলসম...

December 10, 2025 11:24 AM

views 64

এম জি এনৰেগাৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে ৪হাজাৰ ৯৭৫কোটি ৮২ লাখ টকাৰ পুঁজি মুকলি

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রালয়ে অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য কেইখনলৈ এম জি এনৰেগাৰ অধীনত ৪হাজাৰ ৯৭৫কোটি ৮২ লাখ টকাৰ পুঁজি মুকলি কৰিছে। ইয়াৰে এহেজাৰ ৫০৮ কোটি ৪০ লাখ টকা অসমলৈ আৰু ৯১৭ কোটিৰো অধিক টকা মণিপুৰলৈ আগবঢ়োৱা হৈছে। অনুৰূপ ধৰণে বাকী ৰাজ্য কেইখনৰ মাজত কিছু কম বেছিকৈ এই ধনৰাশি বিতৰণ কৰা হৈছে। লোকসভাত কালি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কথা সদৰী কৰে। কংগ্ৰেছ সাংসদ হৰিশ চন্দ্ৰ মিনাৰ এটা প্ৰশ্নৰ উত্তৰত শ্ৰীচৌহানে প্রকাশ কৰে যে- ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৩ ডিচেম্বৰলৈ ...

March 11, 2025 5:51 PM

views 58

এম জি এনৰেগাৰ ৰূপায়ণত দেশৰ যিকোনো স্থানত নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে চৰকাৰে সেই স্থানলৈ তদন্তকাৰী দল প্ৰেৰণ কৰিবঃ শিৱৰাজ সিং চৌহান

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ গেৰাণ্টি আঁচনি, এম জি এনৰেগাৰ ৰূপায়ণত দেশৰ যিকোনো স্থানত নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে চৰকাৰে সেই স্থানলৈ তদন্তকাৰী দল প্ৰেৰণ কৰিব আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। গ্রামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্য মন্ত্ৰী কমলেশ পাছোৱানে এই সন্দৰ্ভত কয়, যে বিগত বছৰসমূহত কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগাৰ বাবে পুঁজিৰ আৱণ্টন যথেষ্ট বৃদ্ধি কৰিছে। ইউ পি এ চৰকাৰৰ শাসনকালত ২০০৬-০৭ বৰ্...

October 27, 2024 8:21 PM

views 61

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ নিয়োগ ১৬ শতাংশ হ্রাস হোৱা বুলি প্ৰকাশিত বাতৰিক চৰকাৰৰ নস্যাৎ

চলিত বৰ্ষৰ প্ৰথম ছমাহত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ নিয়োগ ১৬ শতাংশ হ্রাস হোৱা বুলি কিছুসংখ্যক সংবাদমাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন চৰকাৰে আজি নস্যাৎ কৰিছে। এই আঁচনি চাহিদা ভিত্তিত পৰিচালিত বুলি উল্লেখ কৰি গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে যে, চলিত বিত্তীয় বর্ষ এতিয়াও অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কৰ্মদিনৰ সংখ্যাৰ সঠিক লক্ষ্য নিৰ্ধাৰণ এতিয়াই কৰা সম্ভৱ নহয়। মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে যে ২০১৪-১৫ বৰ্ষৰ পৰা ২৪-২৫ বৰ্ষৰ ভিতৰৰ সময়ছোৱাত মুঠ কৰ্মদিনৰ...