May 23, 2024 6:49 PM

views 16

মেক্সিকোত প্ৰচণ্ড বতাহৰ ফলত নির্বাচনী প্ৰচাৰ সভাৰ মঞ্চ ভাঙি এটি শিশুসহ ৯জনৰ মৃত্যু

মেক্সিকোত যোৱানিশা নির্বাচনী প্ৰচাৰ সভাৰ এখন মঞ্চ প্রচণ্ড বতাহে ভাঙি পেলোৱাৰ ফলত এটি শিশুকে ধৰি ৯ জন লোকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাটোত ৬০ জনতকৈও অধিক লোক আহত হয়। দেশখনৰ নুৱেৱ' লিয়ন প্ৰদেশত সংঘটিত এই দুৰ্ঘটনাটোৰ সময়ত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জর্জ আলভাৰেজ মেইনেজে ছেন পেড়ো গার্জা গার্ডিয়া মহানগৰীত অনুষ্ঠিত এখন নির্বাচনী সভাত ভাষণ দি আছিল। পাছত ঘটনাস্থলীত উপস্থিত হৈ শ্ৰী আলভাৰেজে দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ প্ৰচাৰ অভিযান স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰে। উল্লেখযোগ্য যে অহা ২ জুনত মেক...