June 13, 2026 5:47 PM

views 20

লিয়াকি ফ্ৰীডমত থকা ভাৰতীয় নাৱিকসকল নিৰাপদে থকা বুলি প্ৰকাশ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিয়াকি ফ্ৰীডম নামৰ জাহাজখনত থকা ভাৰতীয় নাৱিকসকলৰ মৃত্যু হোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে। মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা মতে ই জাহাজখনৰ কেপ্তেইনসকলৰ সৈতে কথা পাতিছে আৰু কেপ্তেইনগৰাকীয়ে জাহাজখনৰ চালকদলৰ সকলো সদস্য নিৰাপদে থকা বুলি জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ তথ্য পৰীক্ষণ গোটে জনসাধাৰণক এনেধৰণৰ ভুৱা আৰু ভিত্তিহীন দাবীৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

August 7, 2024 12:48 PM

views 58

ভাৰতীয় নাগৰিকসকলক লিবিয়া ভ্রমণ নকৰিবলৈ পৰামৰ্শ প্ৰদান বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক বিশেষ প্রয়োজন নাথাকিলে লিবিয়া ভ্রমণ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে ২০১৬চনৰ ২৩মেত মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলৰ লিবিয়া ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছিল। লিবিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয়সকলক এই আহ্বান জনোৱা হৈছে। লিবিয়াত থকা ভাৰতীয় নাগৰিকসকলক স্থলপথেৰে অন্য প্ৰান্তলৈ যাত্ৰা নকৰিবলৈ আৰু সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে মন্ত্রালয়ে ট্রিপলীস্থিত ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈও পৰামৰ্শ প্ৰদান কৰিছে।