January 23, 2025 11:55 AM

views 45

জলপথসমূহ দেশৰ সমৃদ্ধিৰ নতুন পথ হৈ পৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

জলপথসমূহ দেশৰ সমৃদ্ধিৰ নতুন পথ হৈ পৰিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। মুম্বাইত কালি ভাৰতীয় সামুদ্রিক সন্মিলন আৰু প্ৰদৰ্শনী, ২০২৫ মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰত সম্প্ৰতি বৃহৎ বন্দৰৰ যুগত প্ৰৱেশ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীয়ে দেশৰ সামুদ্রিক ক্ষেত্ৰৰ ৰূপান্তৰ সাধন কৰা বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে কয়, যে ভাৰতৰ গুৰুত্বপূৰ্ণ বন্দৰসমূহে এতিয়া বছৰি ৮২ কোটি মেট্রিকটন সামগ্ৰী পৰিবহণ কৰে। এই পৰিমা...