December 25, 2025 8:17 PM

views 28

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীত সন্ত্রাসবাদ প্রতিৰোধী সন্মিলন মুকলি কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত সন্ত্রাসবাদ প্রতিৰোধী সন্মিলন মুকলি কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে এই সন্মিলনত ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰা হ'ব। সন্মিলনত সন্ত্রাসবাদৰ বিভীষিকাৰ বিৰুদ্ধে সমন্বিত ব্যৱস্থা গ্ৰহণৰ বাবে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক মাধ্যম স্থাপন কৰি বিভিন্ন পক্ষৰ মাজত সমন্বয় গঢ়ি তোলাত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব।

September 21, 2025 10:54 AM

views 52

অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশত বাওপন্থী উগ্রবাদ সম্পূৰ্ণৰূপে নির্মূল হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশত বাওপন্থী উগ্রবাদ সম্পূৰ্ণৰূপে নির্মূল হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। এটা ব্যক্তিগত চেনেলত দিয়া সাক্ষাৎকাৰৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰৰ প্ৰচেষ্টাৰ বাবে বিগত দশকত উত্তৰ-পূৰ্বাঞ্চল আৰু বাওপন্থী উগ্রবাদ প্ৰভাৱিত অঞ্চলকে ধৰি মুঠ তিনিটা অঞ্চলৰ পৰা উগ্ৰপন্থী কার্যকলাপ ৭৫ শতাংশলৈ হ্ৰাস পাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে লাভ কৰা সফলতাসমূহত আলোকপাত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে ১১ বছৰতকৈও ...