February 6, 2025 11:01 AM

views 25

বিশ্ব টেবল টেনিছ প্রতিযোগিতাত আজি ভাৰতৰ মানৱ থাক্কৰ-মনুশ্ব শ্বাহ যুটিৰ কোৱাৰ্টাৰ ফাইনেল মেচ

ছিংগাপুৰত চলি থকা বিশ্ব টেবল টেনিছ প্রতিযোগিতাত ভাৰতৰ শীৰ্ষ বাছনিৰ পুৰুষৰ ডাবলছৰ যুটি মানৱ থাক্কৰ আৰু মনুশ্ব শ্বাহে আজি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ চতুৰ্থ বাছনিৰ যুটি ফ্ল'ৰিয়ান বৌৰাচাউড আৰু এষ্টেবান দ'ৰৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে তিনি বজাত আৰম্ভ হ'ব। ভাৰতীয় যুটিটোৱে কালি এখন খেলত হঙকঙৰ ৱাং চুং টিং আৰু য়ি ক্বান ট'ক ৩-০ ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷