July 3, 2026 1:14 PM
13
মনোজ কুমাৰ শৰ্মা বৰদলৈৰ ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূব মণ্ডলৰ মুৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ
ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূব মণ্ডলৰ প্ৰথমজন অসমীয়া মুৰববী হিচাপে মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ ৩০ জুনত অৱসৰ গ্ৰহণ কৰা উত্তৰ-পূব মণ্ডলৰ ক্ষেত্ৰীয় কার্যবাহী সঞ্চালক জ্ঞান বাট্টাৰ স্থলাভিষিক্ত হৈছে। শ্ৰীশৰ্মাই প্ৰাধিকৰণৰ উত্তৰ-পূব মণ্ডলৰ গুৱাহাটীৰ বৰঝাৰৰ মুখ্য কাৰ্যালয়ত বিত্ত বিভাগৰ মহা-প্ৰৱন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।