June 28, 2026 10:43 AM

views 17

দিনৰ ১১ বজাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন কী বাত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৫ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্রীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্রালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।