July 14, 2025 6:35 PM

views 22

মানকাচৰ জিলাৰ সোণাপুৰত মাদকদ্রব্যসহ এজন সৰবৰাহকাৰীক আটক

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সোণাপুৰত আজি পুৱা মানকাচৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা অহা নৈশ বাছ এখনৰ পৰা বুজন পৰিমাণৰ মাদকদ্রব্যসহ এজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনৰ পৰা ৫০ হাজাৰটা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেন টকবীয়ে আজি এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি কয়, যে জব্দ কৰা মাদক দ্রব্যখিনিৰ মূল্য ১০ কোটি টকাৰো অধিক হ'ব। এই নিচাজাতীয় টেবলেটখিনি মানকাচৰৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যো...

September 14, 2024 8:19 PM

views 29

শোভা কন্দলাজৰ আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন

কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম, নিয়োগ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী শোভা কন্দলাজে আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে। কালি বিয়লি জিলাখনত উপস্থিত হোৱা মন্ত্ৰীগৰাকী আজি পুৱাৰ ভাগত হাতশিঙিমাৰী আৱৰ্ত ভৱনৰ পৰা ভাৰত-বাংলাদেশ সীমান্ত পথেৰে মানকাছৰৰ সাহাপাৰা বি এছ এফ চাউনীত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে আন্তৰাষ্ট্ৰীয় গেটেৰে কাইটীয়া তাঁৰৰ সিপাৰে ভাৰতৰ ভূমিত থকা জি লেণ্ডত উপস্থিত হৈ সীমান্ত পর্যবেক্ষণ কৰে। বি এছ এফৰ শীৰ্ষ বিষয়া আৰু জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপ...

September 12, 2024 7:50 PM

views 44

১৪ ছেপ্তেম্বৰত দক্ষিণ শালমাৰাত লোক আদালত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি অব্যাহত

১৪ ছেপ্তেম্বৰত অৰ্থাৎ‍ পৰহিলৈ দেশজুৰি হ'বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ কাৰ্যসূচীৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাচৰ জিলাত লোক আদালত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি অব্যাহত আছে। জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জিলাখনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। জিলাখনৰ ফেকামাৰীৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত হ'বলগীয়া লোক আদালতত সৰু সৰু অপৰাধ, দেৱানী বিবাদ, মটৰ বাহন আইন সম্পৰ্কীয় গোচৰ, অসামৰিক বিবাদৰ গোচৰ, পাৰিবাৰিক সমস্যাৰ লগতে বিভিন্ন গোচৰসমূহ আপোচ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব। এই গোচৰসমূহৰ...