May 18, 2025 11:50 AM

views 45

কুকি ছাত্র সংগঠন কে এছ অ’ৰ দিল্লীৰ অধ্যক্ষ পাঅ’ জাখুপ গুইটেৰ বিৰুদ্ধে মণিপুৰ আৰক্ষীৰ গোচৰ ৰুজু

মণিপুৰ আৰক্ষীয়ে কুকি ছাত্র সংগঠন কে এছ অ'ৰ দিল্লীৰ অধ্যক্ষ পাঅ' জাখুপ গুইটেৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ'ৰ সংক্ৰান্তত গোচৰ ৰুজু কৰিছে। ভিডিঅ'টোত গুইটেই এখন জনসভাত ভাষণ দি কুকি বসতিপ্রধান অঞ্চলত মেইটেই সম্প্ৰদায়ৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনাইছিল। মেইটেই সম্প্ৰদায়ৰ লোক সকলে উখৰুল জিলালৈ ৰাজ্যিক শ্বিৰুই উৎসৱ উপলক্ষে যোৱাৰ পৰিকল্পনা কৰাৰ সময়তে এই ভিডিঅ'টোই চৰ্চা লাভ কৰিছে। চুৰাচান্দপুৰ থানাত এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰা হৈছে।