December 31, 2025 1:00 PM

views 66

মণিপুৰৰ চূড়াচান্দপুৰৰ তেইজাঙৰ টিউৰেল নৈত এম্বুলেঞ্চ বাগৰি চালকসহ তিনিজন লোক নিহত

মণিপুৰৰ চূড়াচান্দপুৰৰ তেইজাঙৰ টিউৰেল নৈত আজি এখন এম্বুলেঞ্চ পথৰ পৰা বাগৰি পৰাত চালকসহ তিনিজন লোকে প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাৰ পাছত স্থানীয় লোকে নৈৰ পৰা এম্বুলেঞ্চসহ দুটা মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমানলৈকে এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা নাই ।