July 24, 2026 8:34 PM
3
মঙলদৈ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক ডিগ্ৰীৰ মূল প্ৰমাণপত্ৰ প্ৰদান
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ উপস্থিতিত বিশ্ববিদ্যালয়খনৰ মঙলদৈ মহাবিদ্যালয়খনৰ অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে শিক্ষা লাভ কৰা প্ৰায় ৫০০ গৰাকী শিক্ষাৰ্থীক তেওঁলোকৰ ডিগ্ৰীৰ মূল প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ কমলাকান্ত বৰা আৰু মুক্ত বিশ্ববিদ্যালয়খনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল।