August 3, 2026 7:37 PM
1
দৰং জিলাৰ নিৰ্বাচিত ১০০ গৰাকী কৃষকৰ মাজত অধিক উৎপাদনক্ষম মাহজাতীয় শস্যৰ বীজ ৰোপণ সামগ্ৰী বিতৰণ
মাহজাতীয় শস্য উৎপাদনত ২০৩০-৩১ বৰ্ষৰ ভিতৰত দেশক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত দৰং জিলাৰ নিৰ্বাচিত ১০০ গৰাকী কৃষকৰ মাজত আজি অধিক উৎপাদনক্ষম মাহজাতীয় শস্যৰ বীজ ৰোপণ সামগ্ৰী বিতৰণ কৰা হয়। এই উপলক্ষে মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা বীজ বিতৰণ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ পশু পালন, পশু চিকিৎসা আৰু মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱী উপস্থিত থাকে। অনুষ্ঠানত জিলা আয়ক্ত আয়ুষী জৈন, অসম কৃষ...