November 14, 2025 9:30 PM

views 37

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত মিমিক্রি প্রতিযোগিতাত মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ ডেনিছ নাথৰ প্ৰথম স্থান

সদ্য সমাপ্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত মঙলদৈ মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ ডেনিছ নাথে মিমিক্রি অর্থাৎ কণ্ঠ নকল প্রতিযোগিতাত প্ৰথম স্থান অৰ্জন কৰিছে। মঙলদৈ মহাবিদ্যালয় দলে নাট প্রতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ লগতে ডেনিছ নাথে সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ সন্মানো অৰ্জন কৰে।