June 29, 2024 9:10 PM

views 61

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰাজ্যপাল ড০ চি ভি আনন্দ বসুৰ মানহানিৰ গোচৰ ৰুজুৰ বিবেচনা

পশ্চিমবংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসুৱে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা বিবেচনা কৰিছে। এই সপ্তাহত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যিক সচিবালয় নবান্নৰ এখন সংবাদমেলত মহিলাসকলে কলকাতাৰ ৰাজভৱনলৈ যাবলৈ ভয় কৰে বুলি মন্তব্য কৰিছে। আমাৰ কলকাতা সংবাদদাতাই ৰাজভৱনৰ উদ্ধৃতিৰে জনাইছে যে, বৰ্তমানলৈকে কোনো মানহানিৰ গোচৰ ৰুজু কৰা হোৱা নাই। ৰাজ্যপাল বসু সম্প্রতি দিল্লীত আছে আৰু তেওঁ কলকাতালৈ ঘূৰি অহাৰ পাছতে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। একাংশ সংবাদ মাধ্যমে ৰা...