October 7, 2024 2:19 PM

views 46

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীৰ আলোচনা

  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনাত মিলিত হৈছে। আলোচনাৰ অন্ততঃ দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। আজি পুৱাৰ ভাগত ড° মুইজ্জুৱে ৰাষ্ট্ৰপতিভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। ইয়াৰ পাছত তেওঁ ৰাজঘাটলৈ যায় আৰু মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি অর্পণ কৰে। কাইলৈ ৰাষ্ট্ৰপত...

October 7, 2024 9:28 AM

views 43

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে প্রধানমন্ত্ৰী মোদী আলোচনাত মিলিত হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনাত মিলিত হ'ব। আলোচনাৰ অন্ততঃ দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব। ড° মুইজ্জুৱে ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অর্পণ কৰিব। তেওঁ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ...

October 6, 2024 11:27 AM

views 78

পাঁচদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীলৈ আহিব মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জ

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জ আজি পাঁচদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হ'ব। এই ভ্ৰমণৰ সময়ছোৱাত মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুক সাক্ষাৎ কৰিব। তেওঁ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক ক্ষেত্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়লৈ আলোচনা কৰিব। ড০ মুইজুৱে বেংগালুৰু আৰু মুম্বাইত উদ্যোগপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে মালদ্বীপ ভাৰত মহাসাগৰ সামুদ্রিক ক্ষেত্ৰৰ এখন গুৰুত্বপূৰ্ণ চুবুৰীয়া ৰাষ্ট্ৰ। ৰাষ্ট্ৰখন...