January 13, 2025 4:55 PM

views 59

ৰাষ্ট্রপতিৰ দেশবাসীলৈ মকৰ সংক্ৰান্তিৰ শুভেচ্ছা

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু গৃহমন্ত্রী অমিত শ্বাহে মাঘবিহু, লহৰী, মকৰ সংক্ৰান্তি আৰু পোংগল উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাত ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে কয়, যে এই উৎসৱবোৰ হৈছে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্রতীক। এই উৎসৱ দেশৰ জনসাধাৰণক অক্লান্তভাৱে খাদ্য শস্যৰ যোগান ধৰা কৃষকসকলৰ প্রতি কৃতজ্ঞতা জ্ঞাপনৰ সুযোগ বুলি ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা প্রকাশ...

January 13, 2025 4:33 PM

views 71

আজি ভোগালী বিহুৰ উৰুকা

অসমত আজি ভোগালী বিহুৰ উৰুকাৰে দুদিনীয়া মাঘবিহু উদযাপন আৰম্ভ হৈছে। মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্রাম্যাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্রস্তুতি চলিছে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্রিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্রস্তুত হৈছে। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিল, জলাশয়সমূহত আজি পুৱাৰ ভাগত ওচৰৰ গাঁওবাসীক ২ ঘণ্টাৰ বাবে মাছ ধৰিবলৈ উদ্যান কর্তৃ...