February 21, 2025 12:16 PM

views 37

মাজুলীত আজিৰে পৰা বিভিন্ন গাঁও পঞ্চায়তৰ কৃষক পঞ্জীয়ন শিবিৰ

মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা অহা ২৫ ফেব্ৰুৱাৰীলৈকে বিভিন্ন গাঁও পঞ্চায়ত কৃষক পঞ্জীয়ন শিবিৰ অনুষ্ঠিত হ'ব। কৃষি বিভাগৰ যিকোনো আঁচনিৰ সুবিধা লাভ কৰিব পৰাকৈ জিলাখনত কমলাবাৰী, দক্ষিণ কমলাবাৰী, বনগাঁও, কৰতীপাৰ, শ্ৰীলুইত, চিলাকলা, গড়মূৰ, পকাজৰা, জেংৰাই, চেৰপাই, লুইতপৰীয়া, ৰতনপুৰ মিৰি, শ্ৰীৰাম, ফুলনি আৰু ৰঙাশ্বাহী গাঁও পঞ্চায়তৰ কৃষকসকলৰ বাবে এই শিবিৰ মুকলি কৰা হৈছে।