December 16, 2025 1:28 PM

views 20

মাজুলীৰ পাঁচগৰাকী সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰক, প্ৰসাৰক আৰু শিল্পীক নাটমল্লাৰ বঁটা-২০২৫ প্ৰদান

মাজুলীৰ শ্ৰীশ্ৰী এলেঙী বাঁহজেঙনী সত্ৰৰ পৃষ্ঠপোষকতাত কালি মাজুলীৰ পাঁচগৰাকী সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰক, প্ৰসাৰক আৰু শিল্পীক নাটমল্লাৰ বঁটা, ২০২৫ প্ৰদান কৰা হয়। নাটমল্লাৰঃ সত্ৰীয়া সংস্কৃতিৰ কলাকেন্দ্ৰৰ প্ৰথম বৰ্ষপূর্তি উপলক্ষে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু পদ্ধতিগতভাৱে চৰ্চা কৰি থকা সত্ৰীয়া সংস্কৃতিৰ লগত একনিষ্ঠভাৱে জড়িত ব্যক্তিসকলৰ জীৱনজোৰা সাধনাৰ চিনস্বৰূপে এই বঁটা প্ৰদান কৰা হয়। প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই বঁটা চন্দ্ৰকান্ত দাস, দীপক দেউৰী, পোনা ৰাজখোৱা বায়ন, সঞ্জীৱ পেগুলৈ আগবঢ়োৱ...