July 5, 2026 10:32 AM

views 17

মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ড্রাম ছিদাৰৰ জৰিয়তে বীজ সিঁচা হয়

মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত মুদৈবিল গাঁৱৰ এগৰাকী কৃষকৰ পথাৰত আজি প্ৰথমবাৰৰ বাবে ড্রাম ছিদাৰ নামৰ এবিধ কৃষি সঁজুলিৰে কঠিয়া সিঁচা হয়। কৃষি উন্নয়ন বিষয়া ৰাজা ফুকনে ড্রাম ছিদাৰৰ জৰিয়তে কিদৰে বীজ সিচিব পাৰি সেই বিষয়ে কৃষকসকলক অৱগত কৰে।  বিষয়াগৰাকীয়ে জনোৱা মতে ড্রাম ছিদাৰ হৈছে ধানৰ বীজ সঠিক দূৰত্বত আৰু সমভাবে সিচিবলৈ ব্যৱহাৰ কৰা এবিধ আধুনিক কৃষি সঁজুলি। এই পদ্ধতিত অংকুৰিত ধানৰ বীজ পোনপটীয়াকৈ পথাৰত সিচা হয় আৰু ইয়াৰ ফলত বীজৰ অপচয় হ্রাস হোৱাৰ লগতে শস্যৰ বৃদ্ধি সমৰূপত হয় আৰু...