June 26, 2026 8:04 PM
13
দেশৰ বিভিন্ন প্ৰান্তত ধর্মীয় ৰীতি-নীতিৰে মহৰম পালন
দেশৰ বিভিন্ন প্ৰান্তত আজি ধর্মীয় ৰীতি-নীতিৰে মহৰম পালন কৰা হয়। কাৰবালাত সত্য আৰু ন্যায়ৰ বাবে প্রাণ আহুতি দিয়া পয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পর্ব পালন কৰা হয়। এই উপলক্ষে সমগ্র দেশত তাজিয়া উলিওৱা হয়। দিল্লীৰ জামা মছজিদ, নিজামউদ্দিন, ঔখলা আৰু মেহৰ'লিকে বিভিন্ন স্থানত মহৰমৰ শোভাযাত্রা উলিওৱা হয়। অসমৰ অন্য প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো শান্তি শৃংখলা আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে মহৰমৰ তাজিয়া শোভাযাত্রা আৰু অন্যান্য ধর্মীয় কার্যসূচী অনুষ্ঠিত হয়। মহৰম উপ...