August 28, 2025 9:12 PM

views 52

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিৰাৰ অঞ্চলত পুৰণি ৪মহলীয়া এটা অট্টালিকা খহি পৰাত মুঠ ১৭ গৰাকী লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিৰাৰ অঞ্চলত কালি নিশা পুৰণি চাৰিমহলীয়া এটা অট্টালিকা খহি পৰাৰ ফলত মুঠ ১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯ গৰাকী লোক আহত হয়। অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত আছে। চৰকাৰী সূত্ৰই ধ্বংসস্তূপৰ মাজত আৰু অধিক লোক আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰিছে। কালি নিশা অট্টালিকাৰটোৰ একাংশ খহি পৰাৰ পাছতে অগ্নিনির্বাপক বাহিনীয়ে ধ্বংসস্তূপৰ মাজৰ পৰা বৰ্তমানলৈ ২৪ গৰাকী লোকক উদ্ধাৰ কৰিছে। জিলা দণ্ডাধীশ ইন্দুৰাণী জাখাৰে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে তেওঁ কয়, যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী,...

May 27, 2025 4:37 PM

views 64

মহাৰাষ্ট্ৰৰ জিঅ’ৰাই-বীড ঘাইপথত যোৱানিশা সংঘটিত পথ দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ জিঅ’ৰাই-বীড ঘাইপথত যোৱানিশা সংঘটিত এটা পথ দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু হোৱাৰ উপৰি এজন লোক গুৰুতৰভাৱে আহত হয়। যোৱানিশা জিঅ'ৰাই-বীড ঘাইপথত এখন গাড়ীয়ে ডিভাইডাৰত খুন্দা মাৰে যদিও তেতিয়ালৈ গাড়ীখনৰ যাত্ৰীকেইজন সুৰক্ষিত অৱস্থাতে আছিল। পাছত আটাইকেইগৰাকী যাত্ৰীয়ে ডিভাইডাৰৰ পৰা গাড়ীখন আঁতৰাবলৈ চেষ্টা কৰাৰ সময়তে এখন তীব্ৰবেগী ট্রাকে মহতিয়াই নিয়াত ৬জন লোক থিতাতে নিহত হয়। বীডৰ আৰক্ষী অধীক্ষক নৱনীত কনৱাটে এই ঘটনাৰ তদন্ত অব্যাহত আছে বুলি প্ৰকাশ কৰিছে।

February 14, 2025 8:46 PM

views 74

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে ৩খন ফৌজদাৰী আইন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে নতুনকৈ কাৰ্যকৰী হোৱা তিনিখন ফৌজদাৰী আইন সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই তিনিখন নতুন ফৌজদাৰী আইন হৈছে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। আৰক্ষী, কাৰাগাৰ, আদালত, বিচাৰ আৰু ফৰেন্সিক সন্দৰ্ভত মহাৰাষ্ট্ৰত এই তিনিওখন আইনৰ কাৰ্যকৰীকৰণ আৰু ইয়াৰ বৰ্তমান স্থিতি সন্দৰ্ভত এই পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ সময়ছোৱাত শ্ৰীশ্বাহে ম...

November 30, 2024 8:47 PM

views 63

মহাৰাষ্ট্ৰৰ দেৱলালীত তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰতিৰক্ষা বাহিনী আৰু ছিংগাপুৰ প্ৰতিৰক্ষা বাহিনীৰ যুটীয়া সামৰিক অনুশীলন অগ্নি ৱাৰিয়ৰ-২০২৪ অনুষ্ঠিত

মহাৰাষ্ট্ৰৰ দেৱলালীত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰতিৰক্ষা বাহিনী আৰু ছিংগাপুৰ প্ৰতিৰক্ষা বাহিনীৰ যুটীয়া সামৰিক অনুশীলন অগ্নি ৱাৰিয়ৰ-২০২৪ অনুষ্ঠিত হৈছে। ত্রয়োদশ দ্বিপাক্ষিক অনুশীলনত ছিংগাপুৰ আৰ্টিলেৰী ৰেজিমেণ্টৰ ১৮২ গৰাকী আৰু ভাৰতীয় সেনাবাহিনীৰ ১১৪ গৰাকী বিষয়া- জোৱানে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীৰ অধীনত পাৰস্পৰিক বুজাবুজিৰ বাবে এই যুটীয়া অনুশীলন চলোৱা হৈছে। এই অনুশীলনত দুয়োপক্ষই অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে নিজৰ সামৰিক কৌশল প্ৰদৰ্শন কৰে। দেশৰ আৰ্টিলেৰীৰ সঞ্চালকপ্ৰধান লেফ...

November 30, 2024 6:44 PM

views 78

মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্রী কোন হ’ব ? মহাজুটিৰ নেতৃবৰ্গৰ মাজত প্ৰায় এসপ্তাহ ধৰি মুম্বাই আৰু দিল্লীত বৈঠক

বিধানসভা নিৰ্বাচনৰ পাছত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্রী বাছনিৰ বাবে মহাজুটিৰ নেতৃবৰ্গৰ মাজত প্ৰায় এসপ্তাহ ধৰি মুম্বাই আৰু দিল্লীত বৈঠক চলি আছে। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রী কোন হ'ব সেই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক সিদ্ধান্ত হোৱা নাই যদিও বিজেপি আৰু শিৱসেনাৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৫ ডিচেম্বৰত আজাদ ময়দানৰ এটা অনুষ্ঠানত নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।মুঠ ২৮৮ খন আসনবিশিষ্ট মহাৰাষ্ট্ৰ বিধানসভাত এইবাৰ ৭৮ গৰাকী বিজয়ী প্রার্থীয়ে প্ৰৱেশ কৰিব আৰু এয়া মুঠ আসনৰ প্ৰায় ২৭ শতাংশ। এই নতুনসকলৰ ভিতৰত ...

October 22, 2024 2:56 PM

views 57

মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্রথমখন প্রার্থী তালিকা প্রকাশ

ৰাজ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাই ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্রথমখন প্রার্থী তালিকা প্রকাশ কৰিছে। দলটোৱে কল্যাণ কৰেল সমষ্টিৰ পৰা ৰাজু পাৰ্টিলক আৰু থানে সমষ্টিৰ পৰা অবিনাশ যাদৱক প্ৰক্ষেপ কৰিছে।

August 30, 2024 7:09 PM

views 58

ৱাধৱন বন্দৰে দেশৰ উন্নয়নত অৰিহণা যোগাব বুলি প্ৰধানমন্ত্ৰীৰ মন্ত্যব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহাৰাষ্ট্ৰৰ পালঘৰত নিৰ্মাণ হ'বলগীয়া ৱাধৱন বন্দৰ হৈছে এটা অতি গুৰুত্বপূৰ্ণ প্ৰকল্প। এই বন্দৰে দেশৰ উন্নয়নত অৰিহণা যোগাব বুলিও প্রধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বন্দৰৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে আজি উদ্বোধন হোৱা দেশৰ সৰ্ববৃহৎ গভীৰ পানীৰ বন্দৰে প্ৰগতিৰ শক্তিকেন্দ্ৰ হিচাপে মহাৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকাক পুনৰ নিশ্চিত কৰিব। এই প্রকল্পই ভাৰতৰ সামুদ্রিক শক্তি বৃদ্ধি কৰাৰ লগতে গোলকীয় বাণিজ্যৰো প্ৰসাৰ সাধন কৰিব। উ...

April 3, 2024 7:09 PM

views 134

মহাৰাষ্ট্ৰৰ ছত্ৰপতি ছম্ভাজীনগৰত অগ্নিকাণ্ডত একে পৰিয়ালৰ ৭ জন লোকৰ মৃত্যু

◊ মহাৰাষ্ট্ৰৰ ছত্ৰপতি ছম্ভাজীনগৰ এলেকাত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডত একেটা পৰিয়ালৰ ৭ জন লোকে প্ৰাণ হেৰুৱায়। পুৱতি নিশা প্ৰায় ৩ বজাত এটা তিনিমহলীয়া ভৱনত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ মাজত পৰিয়ালটোৰ তিনিগৰাকী মহিলা আৰু দুটি শিশুও আছিল। ঘটনাটোৰ পাছত মৃতদেহকেইটা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। এই অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে সম্প্রতি অনুসন্ধান চলাই আছে।