October 29, 2024 12:02 PM

views 33

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰত এটা পৰ্যায়তে হ'বলগীয়া আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰিব। মনোনয়ন পত্রসমূহ কাইলৈ পৰীক্ষা কৰা হ'ব। ৪ নৱেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ২০ নৱেম্বৰত ২৮৮ খন আসনৰ বাবে ৰাজ্যখনত ভোটগ্ৰহণ কৰা হ'ব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ'ব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দে, উপ-মুখ্যমন্ত্রী অজিত পাৱাৰ আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা বিজয় ৱাডেটিৱাৰে কালি মনোনয়ন পত্র দাখিল কৰে। ৰাজ্যখনৰ বন মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সুধীৰ মুংগাতিৱাৰ...