June 20, 2024 12:08 PM

views 41

আকাশবাণীৰ ৩০ জুনৰ ‘মন কী বাত’ৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ’বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডৰ বাবে ২৮ জুন পর্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এয়া অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্রীমোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ’বলগীয...