April 15, 2025 2:26 PM
102
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত সংঘটিত অগ্নিকাণ্ড বৰ্তমান নিয়ন্ত্ৰণাধীন
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত কালি নিশা সংঘটিত অগ্নিকাণ্ডৰ পাছত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে আৰু বৰ্হিৰোগ বিভাগৰ চিকিৎসা সেৱাৰ কাম পুনৰ আৰম্ভ হৈছে। চিকিৎসালয়খনৰ সঞ্চালক সংগীতা গুপ্তাই প্ৰকাশ কৰা অনুসৰি বৰ্হিৰোগ বিভাগৰ সকলো চিকিৎসকে বর্তমান ৰোগীক চোৱাৰ কাম আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, চিকিৎসালয়খনৰ দ্বিতীয় মহলাত যোৱা নিশা আকস্মিকভাৱে জুই লগাৰ পাছত সংকটজনক অৱস্থাত থকা ৰোগীসকলৰ উপৰি ২০০ৰো অধিক ৰোগীক বাহিৰলৈ উলিয়াই অনা হয়। লক্ষ্ণৌৰ সংবাদদাতাই প্ৰকাশ কৰা মতে বহু ৰোগীক বলৰামপ...