December 16, 2025 8:26 PM

views 28

অভিযান ব্যয় আৰু সুৰক্ষা বাহিনীৰ প্ৰশিক্ষণৰ বাবে বাওঁপন্থী উগ্রবাদ প্রভাৱিত ৰাজ্যসমূহলৈ চৰকাৰৰ ৩,৫০০ কোটিৰো অধিক টকা মুকলি

চৰকাৰে ২০১৪-১৫ চনৰে পৰা অভিযান ব্যয় আৰু সুৰক্ষা বাহিনীৰ প্ৰশিক্ষণৰ বাবে বাওঁপন্থী উগ্রবাদ প্রভাৱিত ৰাজ্যসমূহলৈ ৩ হাজাৰ ৫০০ কোটিৰো অধিক টকা মোকলাই দিছে। লোকসভাত আজি এটা লিখিত উত্তৰত কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রী নিত্যানন্দ ৰায়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে বাওঁপন্থী উগ্রবাদ প্রভাবিত ৰাজ্যসমূহলৈ বিশেষ বাহিনী, ৰাজ্যিক চোৰাংচোৱা শাখা আৰু জিলা আৰক্ষী বাহিনীৰ সৱলীকৰণ তথা বিশেষ আন্তঃগাঁথনি যোজনাৰ অধীনত নিৰাপদ থানা নির্মাণৰ বাবে এহেজাৰ ৭৫৭ কোটি টকাৰ কামত অনুমোদন জনোৱা হৈছে। দেশত ২০১০ চনৰ পৰা বাওঁপন্থী উ...