December 16, 2025 8:22 PM

views 42

মাদক দ্রব্য আৰু নিচাজাতীয় দ্রব্যৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ ২৭ খন দেশৰ সৈতে ভাৰতৰ চুক্তি স্বাক্ষৰিত

ভাৰতে মাদক দ্রব্য আৰু নিচাজাতীয় দ্রব্যৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ ২৭ খন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি আৰু ১৯ খন দেশৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে কয়, যে মাদক দ্রব্যৰ অবৈধ সৰবৰাহৰ নিয়ন্ত্ৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে। তেওঁ লগতে কয়, যে মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰ'ই মাদক দ্রব্যৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ ব্রিকছ, আছিয়ান, ছাংহাই সহযোগিতা সংস্থা আদিৰ দৰে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ...