March 25, 2025 8:11 PM

views 23

অহা ৮ এপ্রিলত সদৌ অসম ভিত্তিত কামৰূপী লোকগীত প্ৰতিযোগিতাৰ আয়োজন

গুৱাহাটীৰ জনাৰ্দন দেৱালয়ৰ বালিচন্দা সংঘই অহা ৮ এপ্রিলত সদৌ অসম ভিত্তিত কামৰূপী লোকগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে। দুটা শাখাত হ'বলগীয়া এই প্রতিযোগিতাৰ নিম্ন শাখাত ১৪ বছৰ অনুৰ্দ্ধ আৰু উচ্চ শাখাত ১৪ বছৰ ঊৰ্ধৰ প্ৰতিযোগীয়ে অংশগ্রহণ কৰিব পাৰিব। ইচ্ছুক প্রতিযোগীয়ে এই বিষয়ে সবিশেষ জানিবলৈ বালিচন্দাৰ সম্পাদকৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি এখন বিজ্ঞপ্তিত কোৱা হৈছে।