April 5, 2024 6:45 PM

views 65

ৰাজ্যত ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ ১৯ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ, আম আদমী পাৰ্টী, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্রার্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী সভাত অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে ডিগবৈত বিজয় সংক...

April 5, 2024 1:18 PM

views 83

ইলেকট্রনিক ভোটিং মেচিন সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰাপদ বুলি নিৰ্বাচন আয়োগৰ পুনৰবাৰ স্পষ্ট

♦ দেশৰ ভোটদান প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা ইলেকট্রনিক ভোটিং মেচিন সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰাপদ বুলি নিৰ্বাচন আয়োগে পুনৰবাৰ স্পষ্ট কৰি দিছে। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োগৰ তৰফৰ পৰা ইলেকট্রনিক ভোটিং মেচিন আৰু ভোটাৰ ভেৰিফাইড পেপাৰ অডিটট্রেইল চমুকৈ ভিভিপেট আদিক লৈ থকা সাধাৰণ ভোটাৰৰ বিভিন্ন প্রশ্নৰ উত্তৰ ব্যাখ্যা কৰা হৈছে। নিৰ্বাচন আয়োগে এই বুলি স্পষ্ট কৰি দিছে যে ভোটদানৰ বাবে ই ভি এমৰ ব্যৱহাৰ সম্পূৰ্ণ সুৰক্ষিত। ই ভি এম সমূহ সদায় আৰক্ষীৰ তত্ত্বাৱধানত সুৰক্ষ...

April 5, 2024 1:07 PM

views 117

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

→ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৰাজ্যত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ কালি অন্তিম দিনা ৰাজ্যৰ ৫টা লোকসভা সমষ্টিৰ বাবে কালি ৩৮খন মনোনয়ন দাখিল কৰা হয়। ইয়াৰে দৰং-ওদালগুৰিত ৫ গৰাকী, ডিফুত এগৰাকী, কৰিমগঞ্জত ২০ গৰাকী, শিলচৰত দুগৰাকী আৰু নগাঁৱত ১০গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰে। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্য পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপি সাংসদ কৃপানাথ মল্লা, দিলীপ শ‍ইকীয়া, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ ব...

April 5, 2024 12:06 PM

views 122

লোকসভা নিৰ্বাচনৰ বাবে গুজৰাটৰ কংগ্ৰেছ দলৰ ৩ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

♦ গুজৰাটৰ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ৩ গৰাকী প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কৰিছে। দলে বদোদৰা সমষ্টিৰ পৰা যশপাল সিং পাধিয়াৰক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে জুনাগড় আসনখনৰ বাবে হীৰাভাই জোট্ৰা আৰু সুৰেন্দ্ৰনগৰ আসনখনৰ বাবে ৰুত্বিকভাই মকৱানাক প্রার্থী হিচাপে থিয় কৰোৱাইছে।

April 4, 2024 9:24 PM

views 89

লোকসভা নিৰ্বাচনৰ বাবে চিপিআই এমৰ দলীয় ইস্তাহাৰ প্ৰকাশ

♦ চিপিআই এমে আজি সমাগত লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে। দলৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী আৰু পলিটব্যুৰো সদস্য প্রকাশ কাৰাট, বৃন্দা কাৰাট, নিলোৎপল বসু আৰু তপন সেনে নতুন দিল্লীত এই ইস্তাহাৰ মুকলি কৰে। দলে ইস্তাহাৰত চহকী শ্ৰেণীৰ ওপৰত কৰ, উত্তৰাধিকাৰ কৰ আৰু সাধাৰণ সম্পত্তি কৰ সন্দৰ্ভত আইন প্ৰস্তুত কৰা, ব্যক্তিগত খণ্ডত সংৰক্ষণ, নিৰ্বাচনৰ বাবে চৰকাৰী পুঁজি আহৰণ তথা ৰাজনৈতিক দলসমূহে উদ্যোগজগতৰ পৰা লাভ কৰা বৰঙণিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ আৰোপৰ বিষয়সমূহ সামৰি লৈছে। চিপিআই এমে ইস্তাহাৰত ক...

April 4, 2024 11:30 AM

views 73

দেশৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক দলৰ শীৰ্ষ নেতাৰ নিৰ্বাচনী সভা

♦ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে কালি দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি নমো এপৰ মাধ্যমেৰে উত্তৰ প্ৰদেশৰ বিজেপি কৰ্মীসকলৰ এটা ডিজিটেল ৰেলীক সম্বোধন কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্তৰ প্ৰদেশৰ মুজ্জাফৰ নগৰত বিজেপি প্রার্থী সঞ্জীৱ বালিয়ানৰ সমৰ্থনত এখন নির্বাচনী সভাত ভাগ লয়। আনহাতে কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খাৰ...

April 3, 2024 8:32 PM

views 104

ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়াক পদৰ পৰা অপসাৰণ

♦ ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়া দুগৰাকীক আজি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই পদৰ পৰা অপসাৰণ কৰে৷ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই ওদালগুৰি জিলাৰ নিৰ্বাচনী বিষয়া কুলভূষণ পেগু আৰু মঙলদৈৰ নিৰ্বাচনী বিষয়া দেৱাশীষ বৰঠাকুৰক পদৰ পৰা অপসাৰণ কৰে। একেটা আদেশযোগে ওদালগুৰি জিলাৰ অতিৰিক্ত আয়ুক্ত ছৰফৰাজ হকক জিলাখনৰ নিৰ্বাচনী বিষয়া আৰু দৰঙৰ অতিৰিক্ত জিলা আয়ুক্ত মানস কুমাৰ শ‍ইকীয়াক মঙলদৈৰ ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

April 3, 2024 6:36 PM

views 96

দেশৰ ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আইন বলৱৎকাৰী সংস্থা সৈতে নির্বাচন আয়োগৰ বৈঠকৰ

♦ নির্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সৈতে জড়িত বিভিন্ন বিষয় পর্যালোচনা কৰাৰ বাবে আজি বিয়লি দেশৰ ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আইন বলৱৎকাৰী সংস্থাসমূহৰ সৈতে এখন বৈঠকৰ আহ্বান কৰিছে। এই বৈঠকত সামগ্রিক আইন শৃংখলা পৰিস্থিতিৰ লগতে অবৈধ কার্যকলাপ প্রতিহত কৰা, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোকা দৃষ্টি ৰখা আৰু আইন বিৰুদ্ধ সা-সামগ্রী বাজেয়াপ্ত কৰা আদি বিষয়সমূহ গুৰুত্বসহকাৰে আলোচনা কৰা হ'ব। Read More : ভোটাৰ সজাগতাৰ উদ্দেশ্যে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়...

April 3, 2024 1:59 PM

views 72

বিজেপিয়ে আটাইকেইখন আসনত বিজয় সাব্যস্ত কৰিবঃ মোদী

◊ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযানো তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে প্ৰথম পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহত সক্রিয়ভাৱে প্ৰচাৰ চলাই আছে। বিজেপিয়ে যুদ্ধকালীন ক্ষীপ্ৰতাৰে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি ৰাজস্থানৰ কোটপুতলিৰ সমীপত ৰাজ্যখনত নিজৰ প্ৰথমখন নির্বাচনী সভাত ভাগ লয়। তেওঁ কয় যে, বিজেপিয়ে ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ ২৫ খন আসনৰ আটাইকেইখনতে জয়...

April 3, 2024 11:54 AM

views 111

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

♦ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰা অৱস্থাত শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছকে ধৰি বিৰোধী তথা অন্যান্য প্ৰাৰ্থীসকলে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাইছে। ইফালে, বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ কেন্দ্ৰীয় নেতৃত্ব তথা তাৰকা প্ৰচাৰকে শীঘ্ৰেই ৰাজ্যখনত নিজৰ নিজৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ হৈ দলৰ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, মন্ত্ৰী স্মৃতি ইৰাণী আ...